Green tea
Green tea is made from Camellia sinensis Asamica leaves. The leaves are steamed, rolled, and dried to prevent oxidation. Its benefits include antioxidants that may reduce the risk of chronic diseases, improve brain function, aid weight loss, and promote heart health. Regular consumption can enhance overall well-being and support a healthy lifestyle.
সেউজীয়া চাহ
কেমেলিয়া চাইনেন্সিছ আছামিকাৰ পাতৰ পৰা সেউজীয়া চাহ তৈয়াৰ কৰা হয়। অক্সিডেচন ৰোধ কৰিবলৈ পাতবোৰ ভাপতদি ৰুলিং কৰি শুকুৱাই লোৱা হয়।
ইয়াৰ উপকাৰিতাৰ ভিতৰত এন্টিঅক্সিডেন্ট আছে যিয়ে দীৰ্ঘদিনীয়া ৰোগৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে, মগজুৰ কাৰ্য্যক্ষমতা উন্নত কৰিব পাৰে, ওজন হ্ৰাস কৰাত সহায় কৰিব পাৰে, আৰু হৃদৰোগ স্বাস্থ্যৰ উন্নতি সাধন কৰিব পাৰে। নিয়মিত সেৱনে সামগ্ৰিক সুস্থতা বৃদ্ধি কৰিব পাৰে আৰু সুস্থ জীৱনশৈলীক সমৰ্থন কৰিব পাৰে।
Black Orthodox tea
Black Orthodox tea, like green tea, is derived from Camellia sinensis Asamica leaves. After withering, the leaves undergo rolling, oxidation, and drying. This process enhances flavor and produces a robust brew. Its benefits include antioxidants, improved heart health, digestion aid, mental alertness, and potential cancer prevention. Consuming it regularly can contribute to a healthy lifestyle.
ক’লা অৰ্থডক্স চাহ
সেউজীয়া চাহৰ দৰে ক’লা অৰ্থডক্স চাহ কেমেলিয়া চাইনেন্সিছ আছামিকাৰ পাতৰ পৰা আহৰণ কৰা হয়। বাগিচাৰ পৰা তুলি অনাৰ পিছত পাতবোৰ ৱেদাৰিং, ৰুলিং, অক্সিডেচন আৰু শুকুৱাই লোৱা হয়। এই প্ৰক্ৰিয়াই সোৱাদ বৃদ্ধি কৰে আৰু এটা শক্তিশালী পানীয়ৰ ধাৰক উৎপন্ন কৰে। ইয়াৰ উপকাৰিতাৰ ভিতৰত এন্টিঅক্সিডেন্ট, হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত, পাচনত সহায়ক, মানসিক সজাগতা, আৰু সম্ভাৱ্য কেন্সাৰ প্ৰতিৰোধ। নিয়মিতভাৱে সেৱন কৰিলে সুস্থ জীৱনশৈলীত অৰিহণা যোগাব পাৰে।
Bamboo smoked tea
Bamboo smoked tea, also known as Phalap (Lapsang Souchong) originates from Singphoo, Tangsa, Adi and Khamti tribes from North East India. But some Research Scholar said that the bamboo smoked tea was originally from Fujian, China.
Fresh tea leaves are withered over wood fires, then rolled and dried under bamboo pipe . They are smoked over bamboo tray , infusing a distinctive smoky flavor. Benefits include antioxidants, stress reduction, digestion aid, and respiratory health support. Its unique taste appeals to those seeking a smoky, robust tea experience, offering a distinctive alternative to traditional teas.
চুঙা চাহ
বাঁহৰ চুঙা চাহ, যাক ফালাপ (লাপছাং ছৌচং) বুলিও কোৱা হয়, প্ৰাচীন কালৰে পৰা উত্তৰ পূৰ্বাঞ্চলৰ চিংফৌ , টাংচা, আদি আৰু খামটি সকলে এই চাহ উৎপাদন কৰি আহিছে যদিও চীনৰ ফুজিয়ান এই চাহৰ উৎপত্তি স্থল বুলি গৱেষক সকলে কয় । সতেজ চাহপাত কাঠৰ জুইত লেৰেলাই লৈ বাঁহৰ চুঙাত ভৰাই শুকুৱাই লোৱা হয়। বাঁহৰ চুঙাত খুচি খুচি ভৰাই বাঁহৰ ধোঁৱা চাংত থৈ ইয়াৰ ওপৰত ধোঁৱা দিয়া হয়, যাৰ ফলত এক সুকীয়া ধোঁৱাময় সোৱাদ পোৱা যায়। ইয়াৰ উপকাৰীতাসমূহৰ ভিতৰত এন্টিঅক্সিডেন্ট, মানসিক চাপ হ্ৰাস, পাচনত সহায়ক, আৰু শ্বাস-প্ৰশ্বাসজনিত স্বাস্থ্যৰ সহায়ক আদি অন্তৰ্ভুক্ত। ইয়াৰ অনন্য সোৱাদে ধোঁৱাময়, শক্তিশালী চাহৰ অভিজ্ঞতা বিচৰাসকলক আকৰ্ষণ কৰে, পৰম্পৰাগত চাহৰ ই এক সুকীয়া পৰিচয় বহন কৰিছে।
Dheki tea
Traditional machines, including wooden pond (Dheki) , are used to produce dheki tea known as Dheki CTC (Crush, Tear, Curl). Oxidation is accelerated by weathering fresh tea leaves, crushing them in a Dheki, slicing, and curling. The result is small, uniform tea leaves with a nice smell, interesting liqueur and strong flavor. The characteristics of this tea include affordability, strong liquor, attractive taste, ease of use. Crushed in a pot, such CTC tea with antioxidants can improve heart health, improve digestion, and increase energy levels in the body when consumed abundantly and regularly.
ঢেঁকী চাহ
কাঠৰ ঢেঁকীকে ধৰি পৰম্পৰাগত যন্ত্ৰ ব্যৱহাৰ কৰি ঢেঁকী চাহ যাক ঢেঁকীৰ চিটিচি (Crush, Tear, Curl) বুলি জনা যায় তেনে চাহ উৎপাদন কৰা হয়। সতেজ চাহপাত ৱেদাৰিং কৰি ঢেঁকীত খুন্দি থেতেলিয়াই, ফালি, কাৰ্লিং কৰি অক্সিডেচন খৰতকীয়া কৰা হয়। ফলত সৰু, একেধৰণৰ চাহপাতবোৰে সুন্দৰ গোন্ধ, আকৰ্ষণীয় লিকাৰ আৰু শক্তিশালী সোৱাদ দিয়ে। এই চাহৰ বিশেষত্ব সমূহৰ ভিতৰত আছে ব্যয়সাধ্যতা, শক্তিশালী লিকাৰ, আকৰ্ষণীয় সোৱাদ, সহজে ব্যৱহাৰ যোগ্য। ঢেঁকীত খুন্দি তৈয়াৰ কৰা এনে চিটিচি চাহ এন্টিঅক্সিডেন্টৰ সৈতে প্ৰচুৰ আৰু নিয়মিতভাৱে সেৱন কৰিলে হৃদযন্ত্ৰৰ স্বাস্থ্য বৃদ্ধি কৰিব পাৰে, হজম শক্তি বৃদ্ধি কৰিব পাৰে, দেহৰ শক্তিৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে।